আখৰোট খালে কি উপকাৰ পাব

বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । আইৰণ, ফাইবাৰ,কার্বহাইড্রেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম।

হাড় মজবুত কৰে : আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্রহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি ।

ওজন নিয়ন্ত্রণ : আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক, আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানে শৰীৰত মেটাবলিজম বৃদ্ধি কৰে। ইয়াৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে।

হার্ট এটেকৰ আশংকা হ্রাস : নিয়মিতভাৱে আখৰোট খালে মানসিক স্বাস্থ্যৰ বাবে উত্তম। মানসিকভাৱে চাপমুক্ত হৈ থাকিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। যাৰ ফলত হাৰ্ট এটেকৰ আশংকা হ্রাস পায়।

স্মৃতিশক্তি বৃদ্ধি : নিয়মীয়াকৈ আখৰোট খালে ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায় আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস পায়।

চুলি ছালৰ বাবে উপকাৰী : আখৰোট খালে মূৰৰ ছাল শক্তিশালী কৰাৰ উপৰি উজ্জ্বলতা বৃদ্ধি কৰে। আখৰোট খালে চুলিৰ বৃদ্ধিত সহায় হয় আৰু চুলি সৰা লেহেমীয়া হয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।