ৰাছিয়া-ইউক্রেইনৰ প্ৰায় ৫০০ যুদ্ধবন্দী বিনিময়

ৰাছিয়া আৰু ইউক্রেইনে কালি প্রায় ৫০০ যুদ্ধবন্দী বিনিময় কৰে। উভয় পক্ষৰ মাজত সহযোগিতাৰ কেইটামান ক্ষেত্ৰৰ ভিতৰত যুদ্ধবন্দী বিনিময় অন্যতম। যুদ্ধবন্দীসকলৰ ভিতৰত মাৰিঅ’পলৰ আঝোভষ্টাল তীখা প্ৰকল্প আৰু কৃষ্ণ সাগৰৰ স্নে’ক আইলেণ্ডত লগা যুদ্ধৰ সময়ত আটক কৰা ইউক্রেইনৰ সামৰিক, অর্ধ-সামৰিক বাহিনীৰ লোকসকলো যুদ্ধবন্দীসকলৰ বাবে থকা আছে। ইউক্রেইনৰ ক’অর্ডিনেশ্যন হেডকোৱাৰ্টাৰে টেলিগ্ৰামত দিয়া এটা প’ষ্টত কয় যে প্রায় দুবছৰৰ … Read more

পাকিস্তানত আইছিছৰ ভাবুকি

সন্ত্ৰাসবাদী সংগঠন আই এছআই এছে পাকিস্তানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এই তথ্য চিনেট (ৰাজ্যসভা)ক দিয়ে। মন্ত্ৰালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আফগানিস্তান এৰি যোৱাৰ পিছত, তাত থকা শক্তিয়ে সন্ত্রাসবাদী সংগঠন তেহ ৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ ওপৰত লাগাম পেলোৱাত ব্যৰ্থ হৈছে। তেহ ৰিক তালিবান পাকিস্তান টিটিপিয়ে ইয়াৰ শক্তি বৃদ্ধি কৰিবলৈ আন সন্ত্ৰাসবাদী সংগঠনৰ পৰা … Read more

ইজৰাইলৰ প্ৰধানমন্ত্রীক সমালোচনা তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ

তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এর্দোগানে আকৌ এবাৰ হামাছক ৰক্ষণাবেক্ষণ দি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুক যুদ্ধ অপৰাধী বুলি অভিহিত কৰিছে। এর্দোগানে কয় – ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ সমাপ্ত হোৱাৰ পিছত নেতানিয়াহুক যুদ্ধ অপৰাধৰ বাবে বিচাৰ কৰা উচিত। তেওঁ যুগোশ্লাভিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিলোচিভ উদাহৰণ দাঙি ধৰি কয়। যিধৰণে মিলোচিতক যুদ্ধ অপৰাধৰ বাবে বিচাৰ কৰা হৈছিল। নেতানিয়া … Read more

ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ বৃহৎ আক্রমণ ২৪ ঘণ্টাত ১২২টা মিছাইল নিক্ষেপ

মস্কো/কিয়েভ ৰাছিয়া-ইউক্রেইন যুদ্ধ দুবছৰ অতিক্ৰম কৰাৰ সময় আহি পৰিছে। এই যুদ্ধ ২২ মাহ ধৰি চলি আছে। ইফালে শুকুৰবাৰে ৰাছিয়াই পুনৰ ইউক্রেইনৰ ওপৰত এক বৃহৎ আক্ৰমণ চলায়। এই আক্ৰমণটো এদিনীয়া আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি কোৱা হৈছে। সংবাদ সংস্থা এএফপি’ৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াই ২৪ ঘণ্টাত ইউক্ৰেইনৰ তিনিখন চহৰত ১২২ টা মিছাইল নিক্ষেপ কৰে । ইয়াত ২০ জন … Read more

২৪ ঘণ্টাত গাজাত দুই শতাধিক মৃত্যু

অব্যাহত আছে ইজৰাইলৰ ধাৰাবাহিক আক্রমণ যোৱা দুটা মাহ ধৰি অব্যাহত থকা যুদ্ধৰ মাজতেই ইজৰাইলী সেনাই গাজাস্থিত হামাছৰ ঠিকনাত নেৰানেপেৰা আক্ৰমণ অব্যাহত ৰাখিছে। ফলত গাজাৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত গাজাত প্রায় দুই শতাধিক লোকৰ মৃত্যু হৈছে। গাজাপট্টিৰ খান ইউ নিছত ইজৰাইলী টেংকেৰে গোলাবর্ষণ আৰু আকাশী মাৰ্গেৰেও আক্ৰমণ চলাই আছে। ফলত খান … Read more

চীনৰ নৌসেনা প্রধান ডং জুনক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি জিন পিঙৰ

বেইজিং, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ডংজুনক নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিছে। স্থানীয় সংবাদ মাধ্যমৰ মতে ডং জুন চীনৰ সেনা পিপল্‌ছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ নৌসেনাপ্রধান আছিল। উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰীৰ পদটো ৪ মাহ ধৰি খালী হৈ আছিল। ইপিনে প্রাক্তন প্ৰতিৰক্ষা মন্ত্রী লি শ্বাংফু আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। তেওঁ ২৯ আগষ্টৰ পৰা ৰাজহ্বা মঞ্চত উপস্থিত … Read more

বিশ্বত এবছৰত জনসংখ্যা বৃদ্ধি ৭.৫ কোটি

জনসংখ্যা বৃদ্ধিৰ বাবে বিশ্বৰ বিভিন্ন দেশে চিন্তিত হৈ থকাৰ পিছতো ইয়াক প্ৰতিৰোধৰ বাবে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। তথ্য অনুসৰি ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন অতিক্ৰম কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকপিয়ল ব্যুৰোৱে বৃহস্পতিবাৰে ইয়াৰ প্ৰতিবেদনত এইটো দাবী কৰে। সংস্থাটোৰ মতে যোৱা ১ বছৰত বিশ্বৰ জনসংখ্যা প্রায় ৭.৫ কোটি বৃদ্ধি পাইছে। … Read more

ভাৰতত অস্ত্ৰ নিৰ্মাণ কৰিব ৰাছিয়াই

‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত ভাৰতত এইবাৰ অস্ত্ৰ নিৰ্মাণ কৰিব ৰাছিয়াই। দেশখনৰ বৈদেশিক মন্ত্রী ছাৰ্গেই লাভভে এইকথা সদৰি কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এছ জয়শংকৰ ‘মে’ক ইন ইণ্ডিয়া’ আঁচনিক ইয়াৰ পূৰ্বেই ভূয়সী প্ৰশংসা কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে। শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণত থকা ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয় শংকৰে ৰাছিয়াৰ বৈদেশিক … Read more

ইজৰাইলৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধৰ ভাবুকি ইৰাণৰ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ উপকণ্ঠত ইজৰাইলী বাহিনীয়ে চলোৱা বিমান আক্রমণত ইৰাণৰ বিপ্লৱী গার্ড বাহিনীৰ শীৰ্ষ উপদেষ্টা ৰাজি মুছাভিৰ নিহত হোৱা ঘটনাৰ প্ৰতিশোধ ল’ব ইৰানে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছীয়ে এই সন্দৰ্ভত কয় যে ইজৰাইলে ইয়াৰ পৰিণাম ভূগিব লাগিব। তেওঁ লগতে কয়— ছিৰিয়াত ইৰানৰ সামৰিক উপদেষ্টা হত্যা কৰাটো দখলদাৰী ইজৰাইলৰ হতাশাৰ লক্ষণ। ইয়াৰ পৰিণাম ইজৰাইলে নিশ্চিতভাৱে ভূগিব লাগিব। … Read more

ইজৰাইলত খাদ্য সংকটৰ আশংকা

লোহিত সাগৰত জাহাজত লুটপাত হুদী সন্ত্ৰাসবাদীৰ গাজা উপত্যকাত অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ ফলত লোহিত সাগৰত ইজৰাইল অভিমুখী আৰু ইজৰাইলৰ পৰা যাত্ৰা কৰা জাহাজসমূহত য়েমেনৰ হুথি বিদ্রোহী সকলে লুটপাত চলোৱা আৰম্ভ কৰিছে। ফলত এতিয়া বিপদত পৰিছে ইজৰাইল। হুথি সন্ত্ৰাসবাদীৰ লুটপাত বাবে আনকি দেশখনত খাদ্য সংকট হোৱাৰ আশংকাই গা কৰি উঠিছে। যাৰ বাবে দেশখনত খাদ্য উৎপাদনৰ ক্ষেত্ৰত … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।