স্বদেশতে সমালোচিত মালদ্বীপ চৰকাৰ

ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আপত্তিজনক মন্তব্য

দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ নতুন চৰকাৰে ভাৰতবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক লাহে লাহে বেয়া হ’বলৈ ধৰে।

চীনৰ নিয়ন্ত্রণত চলা নতুন চৰকাৰে ভাৰতৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰাত ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে অলপতে খেলে এটা ডাঙৰ খেলা।

২-৩ জানুৱৰীত প্রধানমন্ত্ৰী মোদীয়ে কেন্দ্রীয়শাসিত অঞ্চল লক্ষদ্বীপ ভ্ৰমণ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কোলাত সুন্দৰ ফটো উঠা লগতে অ’ৰ্কলিঙো কৰে।

প্ৰধানমন্ত্রী মোদীৰ সেই ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে প্রাকৃতিক সৌন্দৰ্যৰ আকৰ হিচাপে মহম্মদ মুইজ্জু আৰু মোদী পৰিচিত লক্ষদ্বীপ মুহূৰ্তৰ ভিতৰতে ভাৰত আৰু আন আন দেশৰ লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

প্ৰধানমন্ত্রী মোদীয়ে লক্ষদ্বীপক আকর্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈকে এই কৌশল গ্রহণ কৰে। যাৰ ফলত ভাৰতৰ লগতে আন আন দেশৰ লোকেও লক্ষদ্বীপক মালদ্বীপৰ সৈতে তুলনা কৰে আৰু মালদ্বীপৰ সলনি লক্ষদ্বীপলৈ যোৱাৰহে ইচ্ছা প্রকাশ কৰে।

ইয়াতেই ক্ষুব্ধ হৈ পৰে মালদ্বীপৰ বৰ্তমানৰ ভাৰতবিৰোধী চৰকাৰ আৰু ইয়াৰ তিনিজন মন্ত্ৰী। তেওঁলোকে ‘এক্স’ত টুইট কৰি ভাৰতক উপলুঙা কৰাৰ লগতে ভাৰত লেতেৰা, মালদ্বীপৰ দৰে সেৱা আগবঢ়াবলৈ অক্ষম দেশ বুলি গালি পাৰে।

লগতে প্রধানমন্ত্রী মোদীক ‘বহুৱা’ আৰু ইজৰাইলৰ নিৰ্দেশত চলা মানুহ বুলিও সমালোচনা কৰে। মালদ্বীপৰ মন্ত্ৰীৰ এই অশোভনীয় টুইটৰ পাছতে ভাৰতৰ আগশাৰীৰ অভিনেতা- অভিনেত্রী, তাৰকা খেলুৱৈ, সামাজিক মাধ্যম ব্যৱহাৰ কৰা লাখ লাখ লোকে ‘বয়কট মালদ্বীপ’ প্ৰচাৰ চলাবলৈ ধৰে।

যাৰ ফলত মালদ্বীপৰ অৱস্থাই বেয়া হৈ পৰে। মালদ্বীপ চৰকাৰৰ মন্ত্ৰীকেইজনৰ এই অশালীন ব্যৱহাৰত কেৱল ভাৰতৰেই নহয়, মালদ্বীপৰ জনতা, প্রাক্তন ৰাষ্ট্ৰপতি, বিৰোধী দলৰ নেতা-কর্মী, সাংসদ, সংবাদ মাধ্যমো আচৰিত হয়।

তেওঁলোকে মালদ্বীপৰ চৰকাৰক কঠোৰ সমালোচনা কৰে আৰু ভাৰতে মালদ্বীপক আর্থিক, ৰাজনৈতিক, সামাজিক সুস্থিৰতা আৰু বিকাশত কিমানখিনি অৱদান আগবঢ়াই আহিছে, সেয়া নাপাহৰিবলৈও আহ্বান জনায়।

মালদ্বীপ চৰকাৰৰ বাবেই ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পর্ক অৱসান ঘটিব পাৰে বুলিও তেওঁলোকে আশংকা প্ৰকাশ কৰে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।