অযোধ্যালৈ নিয়া হৈছে সোণ- ৰূপেৰে নিৰ্মিত ভগৱান ৰামৰ ‘খৰম’

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন চমু চাপি আহিছে। গতিকে ৰাম মন্দিৰ নিৰ্মাণকাৰ্য দিনে-ৰাতিয়ে অব্যাহত আছে।

ৰাম মন্দিৰৰ বাবে দেশৰ লোকসকলে কিবা নহয় কিবা এটা অনুদান আগবঢ়াই আহিছে। তাৰ মাজতে ৰাম মন্দিৰলৈ নিয়া হৈছে এক কিলোগ্রাম সোণ আৰু সাত কিলোগ্রাম ৰূপেৰে প্রস্তুত কৰা ভগৱান ৰামৰ খৰমযোৰ।

হায়দাবাদৰ চল্লা শ্রীনিবাস শাস্ত্ৰীয়ে ভগৱান ৰামৰ খৰমযোগ মূৰত লৈ অযোধ্যাৰ দিশে যাত্রা অব্যাহত ৰাখিছে। তেওঁ ১৫ জানুৱাৰীৰ ভিতৰত এই খমযোৰৰ সৈতে ৰাম মন্দিৰত উপস্থিত মূৰত খৰম লৈ শ্ৰীনিবাস শাস্ত্রী হ’ব বুলি ধৰি লোৱা হৈছে।

তেওঁ বৰ্তমান অযোধ্যাৰ পৰা ২০০ কিলোমিটাৰ দূৰত আছে। দেওবাৰে তেওঁ জগদ্‌গুৰু ৰামনন্দচার্য স্বামীক সাক্ষাৎ কৰে। অযোধ্যাৰ দিশে যিমানেই তেওঁ অগ্ৰসৰ হৈছে, সিমানেই স্থানীয় আৰক্ষীয়ে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

তেওঁৰ সৈতে কেইবাখনো গাঁৱৰ লোকেও অযোধ্যাভিমুখে যাত্রা কৰিছে। উল্লেখ্য, শাস্ত্রীয়ে আন ২০ জন লোকৰ সৈতে হায়দাবাদৰ বাকথানৰ পৰা এই খৰমযোৰ লৈ অযোধ্যালৈ ৰাওনা হৈছিল।

ইপিনে, ৰাম মন্দিৰৰ বাবে আহমেদাবাদত প্রস্তুত হোৱা ধ্বজদণ্ডৰ পাছত এইবাৰ ৫০০ কিলোগ্রাম ওজনৰ নাগাৰাও ৮oo কিলোগ্রাম ওজনৰ বিশেষ ৰথেৰে নিয়া হৈছে অযোধ্যালৈ। এই নাগাৰাটো ১২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ পাবগৈ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।