ইজৰাইলত খাদ্য সংকটৰ আশংকা

লোহিত সাগৰত জাহাজত লুটপাত হুদী সন্ত্ৰাসবাদীৰ গাজা উপত্যকাত অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ ফলত লোহিত সাগৰত ইজৰাইল অভিমুখী আৰু ইজৰাইলৰ পৰা যাত্ৰা কৰা জাহাজসমূহত য়েমেনৰ হুথি বিদ্রোহী সকলে লুটপাত চলোৱা আৰম্ভ কৰিছে। ফলত এতিয়া বিপদত পৰিছে ইজৰাইল। হুথি সন্ত্ৰাসবাদীৰ লুটপাত বাবে আনকি দেশখনত খাদ্য সংকট হোৱাৰ আশংকাই গা কৰি উঠিছে। যাৰ বাবে দেশখনত খাদ্য উৎপাদনৰ ক্ষেত্ৰত … Read more

হঠাৎ যুদ্ধৰ প্ৰস্তুতি উত্তৰ কোৰিয়াৰ

সামৰিক বাহিনীৰ লগতে পাৰমাণৱিক অস্ত্র বিভাগক সাজু থাকিবলৈ নিৰ্দেশ কিম জং উনৰ উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে তেওঁৰ দেশখনৰ সামৰিক বাহিনী, যুদ্ধাস্ত্ৰ তথা পাৰমাণৱিক অস্ত্র বিভাগক যুদ্ধৰ প্রস্তুতি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। এই পদক্ষেপক তেওঁ আমেৰিকাৰ “নজিৰবিহীন সংঘাতমূলক পদক্ষেপৰ প্ৰত্যুত্তৰ’ বুলি অভিহিত কৰিছে। উল্লেখ্য যে বৃহস্পতিবাৰে দেশখনৰ ক্ষমতাসীন ৱাকাৰ্ছ পাৰ্টীৰ এক সন্মিলনত ভাষণ … Read more

অসমৰ অংকুশিতা, ভাগ্যৱতী, ভূপালী, ইলোৰাৰ পদক জয়

ৰাষ্ট্ৰীয় মহিলা বক্সিং অসম কন্যা অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, ভূপালী হাজৰিকা আৰু ইলোৰা বৰগোহাঁয়ে এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত পদক জয়ী কৃতিত্ব আৰ্জিছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত আজি সামৰণি পৰা প্রতিযোগিতাখনত অংকুশিতাই ৰূপৰ পদক লাভ কৰে। আনহাতে ভাগ্যৱতী, ভূপালী আৰু ইলোৰাই দখল কৰে এটাকৈ ব্ৰঞ্জৰ পদক। অসমৰ কেউগৰাকী বক্সাৰে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈছে।

প্রথম ইনিংছত দঃ আফ্ৰিকাৰ অগ্ৰগতি

প্রথম টেষ্ট : ৰাহুলৰ শতৰানেৰে ভাৰতৰ ২৪৫ ৰান ভাৰতৰ লোকেশ ৰাহুলৰ দুৰন্ত শতবান সত্ত্বেও দক্ষিণ আফ্রিকাই প্রথম টেষ্টত নিয়ন্ত্রণ প্রতিষ্ঠা কৰিছে। ভাৰতৰ ২৪৫ ৰানৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকাই ডীন এলগাৰৰ অবিজিত ১৪০ ৰানৰ সহায়ত আজি দ্বিতীয় দিনা সামৰণিৰ পৰলৈকে খেলি ৫টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছে ২৫৬ ৰান। অপৈনাৰ এইডেন মার্কাম ৫ ৰানতে আউট হ’লেও … Read more

জোনাইত পাঁচ বছৰীয়া কন্যা শিশুক ধর্ষণ

ধৰ্ষণত অভিযুক্ত গৰ্গৰাম পাৱ পলাতক ‘আমাৰ অসম’ৰ জোনাইৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰ : জোনাইৰ গালী মেচাকি গাঁৱত সংঘটিত হয় এক জঘন্য ধর্ষণ কাণ্ড। একেখন গাঁৱৰে নিৱাসী গৰ্গৰাম পাৱ নামৰ ৪০ বছৰীয়া এজন যুৱকে এটি পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে লম্পট গৰ্গৰাম পারে শিশুটিক বিস্কুট খুওৱাৰ উদ্দেশ্যে যোৱা বুধবাৰ … Read more

কাৰৰ ওপৰতে পৰিল ট্ৰাক, এটা পৰিয়ালৰে ৪ জন নিহত

গুনা, ২৬ ডিচেম্বৰঃ মধ্য প্ৰদেশৰ গুনাত মঙলবাৰে পুৱা সংঘটিত হয় এটা শোকাৱহ দুর্ঘটনা। প্রচণ্ড ঠাণ্ডা আৰু কুঁৱলীয়ে ঢকা ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰীভর্তি এখন ট্রাকে অভাৰটেক কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই এখন সৰু গাড়ীৰ ওপৰতে বাগৰি পৰাৰ ফলত গাড়ীত থকা চাৰিজন লোকে প্ৰাণ হেৰুৱায় আৰু দুজন আহত হয়। এই লোককেইজন আছিল এটা পৰিয়ালৰে। যাৰ ফলত পৰিয়ালটোত গভীৰ শোকৰ … Read more

কনৌজত আৰক্ষীৰ ওপৰত অপৰাধীৰ গুলীচলনা, চিপাহী নিহত

এনকাউণ্টাৰৰ জৰিয়তে অপৰাধী আৰু পুত্ৰক গ্ৰেপ্তাৰ কনৌজ, ২৬ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ কনৌজত অশোক যাদৱ ওৰফে মুন্না নামৰ এজন অপৰাধীক ধৰিবলৈ যোৱা আৰক্ষীৰ এটা দলৰ ওপৰত সোমবাৰে সন্ধিয়া গুলীচালনা হোৱাৰ ফলত এজন আৰক্ষীয়ে প্রাণ হেৰুৱায়। আৰক্ষীৰ দলটোৱে অপৰাধীজনৰ ঘৰৰ বাহিৰত উপস্থিত হোৱাৰ লগে লগে অপৰাধীজন আৰু তেওঁৰ গেঙে আৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। হঠাতে … Read more

৪ দিনৰ পাছত মুম্বাইলৈ ঘূৰি আহিল ফ্ৰান্সত আবদ্ধ বিমান

মুম্বাই, ২৬ ডিচেম্বৰ চোৰাং মানৱ সৰবৰাহৰ সন্দেহত পূব ফ্ৰান্সৰ ভেট্টী বিমানবন্দৰত আবদ্ধ হৈ পৰা ৰোমানিয়াৰ লীজেও এয়াৰলাইন্‌ছৰ বিমানখনে অৱশেষত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰেহি মঙলবাৰে পুৱা। ৩০৩জন যাত্রীসহ ডুবাইৰ পৰা নিকাৰাগুৱালৈ উৰা মৰা এই বিমানখনে ফ্ৰান্সৰ ভেট্টী বিমানবন্দৰত ইন্ধন ভৰাবলৈ নমাৰ পাছতে বিতৰ্কৰ মাজত সোমাই পৰে। বিমানখনত থকা লোকসকল আছিল ভাৰতীয় আৰু ভাৰতীয় মূলব। কিন্তু বিমানত … Read more

দুর্বৃত্তৰ দাৰ ঘাপত আহত লাচিত সেনাৰ নেতা

যোৰহাট নগৰৰ জেল ৰোডৰ মিছন হাস্পতালৰ সমীপত সোমবাৰে নিশা বীৰ লাচিত সেনাৰ যোৰহাট আঞ্চলিকৰ সচিব ডিম্পল দাসক দুর্বৃত্তই আক্ৰমণ কৰি আহত কৰে। জানিব পৰা মতে, চাৰিজনীয়া এটা দলে দা আদিৰে তেওঁক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দাৰ ঘাপত ডিম্পল দাসৰ সোঁহাতৰ দুটা আঙুলি বেয়াকৈ কটাৰ লগতে মূৰতো আঘাত পায়। লগে লগে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি … Read more

শ্রেষ্ঠ চুটি ছবি ‘পাহি’ শ্রেষ্ঠ তথ্যচিত্র ‘গামোচা’

আন্তঃৰাষ্ট্ৰীয় ডিজিটেল ফিল্ম মেকিং প্রতিযোগিতাত উজলিল গুৱাহাটীৰ শিল্পী আন্তঃৰাষ্ট্ৰীয় ডিজিটেল ফিল্ম মেকিং প্রতিযোগিতাত গুৱাহাটীৰ চুটি ছবি ‘পাহি’য়ে লাভ কৰিলে সোণৰ পদক। ‘পাহি’য়ে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰা ২০ সংখ্যক ‘24FPS ইণ্টাৰনেচনেল এনিমেচন এৱাৰ্ডছ‘ প্রতিযোগিতাত ফিলিপিন্‌ছ, থাইলেণ্ড, অষ্ট্ৰেলিয়া, ব্ৰিটেইনকে ধৰি বিভিন্ন ঠাইৰ ১৭০টা প্রতিষ্ঠানে অংশগ্রহণ কৰিছিল। ‘ডিজিটেল ফিল্ম মেকিং’ শাখাত সোণৰ পদক লাভ কৰা ‘পাহি‘ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।